বিষ্ণুপ্ৰসাদ ৰাভাd bXl YyQqd

কলাগুৰু
বিষ্ণুপ্ৰসাদ ৰাভা
জন্ম ৩১ জানুৱাৰী, ১৯০৯
ঢাকা, বেঙ্গল প্ৰেসিডেন্সি
মৃত্যু ২০ জুন, ১৯৬৯[1]
তেজপুৰ, অসম
মৃত্যুৰ কাৰণ কৰ্কট ৰোগ
স্মৃতিচিহ্ন বিষ্ণু ৰাভা স্মৃতি উদ্যান, তেজপুৰ
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা আই.এচ.চি.
পেচা কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা আৰু মুক্তি যুঁজাৰু
ৰাজনৈতিক আন্দোলন ভাৰতৰ স্বাধীনতা আন্দোলন সাম্যবাদী আন্দোলন
দাম্পত্যসঙ্গী প্ৰিয়বালা দত্ত
কনকলতা মেধি
মোহিনীবালা বসুমতাৰী
অংশীদাৰ নিৰুপমা দেৱী
সন্তান পৃথ্বীৰাজ ৰাভা (থুন্ থুন্)
হেমৰাজ ৰাভা (মুন্ মুন্)
মেণ্ডেলা ৰাভা
পিতৃ-মাতৃ গোপাল চন্দ্ৰ ৰাভা

বিষ্ণুপ্ৰসাদ ৰাভা (ইংৰাজী: Bishnuprasad Rabha জন্ম ৩১ জানুৱাৰী, ১৯০৯ - মৃত্যু ২০ জুন, ১৯৬৯) অসমৰ এজন কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল।[2] কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা "নটৰাজ" নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙনিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক ১৯৩৯ চনত কলাগুৰু উপাধি প্ৰদান কৰিছিল[3][4]

"বিষ্ণুপ্ৰসাদ ৰাভা ঠিকাদাৰ নহয়, মন্ত্ৰীও নহয়, সত্ৰাধিকাৰো নহয়, নাস্তিকো নহয়, খাটি মহাপুৰুষীয়া যদিও...মাছ মাংস খায়, ২৫০০ বিঘা মাটিৰ জমিদাৰ হৈও পুঁজিপতি নহয়, মাটিও নাই...গেৰুৱা বসন নিপিন্ধে যদিও সন্ন্যাসী, বিশ্ববিদ্যালয়ত দহোটা-পাচোটা গৱেষণা কৰা নাছিল যদিও গৱেষক বুৰঞ্জীবিদ নৃতত্ববিদ, বিপ্লবী যদিও ৰোমেণ্টিক, জাতি বিচাৰ নামানে যদিও ধনী দুখীয়াৰ জাতি বিচাৰ মানে, তিনিটা সন্তানৰ পিতৃ যদিও গতানুগতিক সংসাৰী নহয়, কমিউনিষ্ট হ'লেও ফেনাটিক নহয়। তিনিকুৰি হ’লেও মনটো একৈশ বছৰীয়া। খাটি বড়ো, খাটি অসমীয়া অথচ বিশ্বৰ ছন্দে ছন্দে ধাৱমান। এক মহান মানৱ শিল্পী।"

সূচী

  • 1 জীৱনী
    • 1.1 জন্ম
    • 1.2 শৈশৱ আৰু শিক্ষা
    • 1.3 সংগ্ৰামী আৰু সাংস্কৃতিক জীৱন
    • 1.4 ৰাজনৈতিক জীৱন
    • 1.5 ব্যক্তিগত জীৱন
    • 1.6 মৃত্যু
  • 2 সাহিত্য পঞ্জী
  • 3 সংগীত, কথাছবি, নাটক, চিত্ৰকলা
    • 3.1 সংগীত আৰু নৃত্য
    • 3.2 নাটক
    • 3.3 চিত্ৰকলা
  • 4 সন্মান
    • 4.1 কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা
    • 4.2 স্মৃতি উদ্যান
  • 5 বিষ্ণুপ্ৰসাদ ৰাভাৰ সংক্ষীপ্ত জীৱনপঞ্জী
    • 5.1 প্ৰকাশিত সাহিত্যকর্ম
  • 6 তথ্য সংগ্ৰহ
  • 7 বাহ্যিক সংযোগ

জীৱনী[সম্পাদনা কৰক]

জন্ম[সম্পাদনা কৰক]

১৯০৯ চনৰ ৩০ জানুৱাৰীত বেঙ্গল প্ৰেসিডেন্সি (এতিয়াৰ বাংলাদেশ) ঢাকাত বিষ্ণু ৰাভাৰ জন্ম হয়।[5] তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ মুছাহাৰী। জন্মসূত্ৰে গোপাল চন্দ্ৰ মুছাহাৰী বড়ো জনগোষ্ঠীৰ হ'লেও তেখেত এটা ৰাভা পৰিয়ালত ডাঙৰ হৈছিল। পাছলৈ তেখেতে সেয়ে 'ৰাভা' উপাধি গ্ৰহণ কৰে।[1] ব্ৰিটিছ সেনাৰ উচ্চ পদস্থ বিষয়া গোপালচন্দ্ৰ ৰাভাক 'ৰায়বাহাদুৰ' উপাধি যঁচা হৈছিল। গোপাল ৰাভাক বেংগলৰ গৱৰ্ণৰৰ এ.ডি.চি. (A.D.C. to the Governor of Bengal) পদলৈ পদোন্নতি দিয়া হৈছিল।[2] দৰং জিলাৰ চাবেক বাসিন্দা গোপাল ৰাভা, তেজপুৰৰ বাণ ৰঙ্গমঞ্চৰ লগত জড়িত আছিল। তেখেতে মূল থিয়েটাৰ ভৱনৰ নিৰ্মাণত যথেষ্ট অৱদান আগবঢ়াইছিল।[1]

শৈশৱ আৰু শিক্ষা[সম্পাদনা কৰক]

বিষ্ণু ৰাভা

বিষ্ণুপ্ৰসাদ ৰাভাই ঢাকাৰ সেনা বিভাগৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ আৰম্ভ কৰিছিল। কিন্তু হাইস্কুলীয়া শিক্ষা সাং কৰাৰ আগেয়েই পিতৃৰ মৃত্যু হোৱাত বিষ্ণু ৰাভা তেজপুৰত সম্বন্ধীয় লোকৰ ঘৰত থাকিবলৈ লয়। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰাই ১৯২৬ চনত তেখেতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়।[1] এই পৰীক্ষাত সকলো পৰীক্ষাৰ্থীৰ ভিতৰত সব্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে তেওঁ ’কুইন এমপ্ৰেছ’ পদক লাভ কৰে৷[6]

১৯২৮ চনত তেওঁ চেন্টপল’ কলেজৰ পৰা প্ৰথম বিভাগত আই এছ ছি পাছ কৰে৷[6] তাৰ পাছত কলেজীয়া শিক্ষা গ্ৰহণৰ বাবে ৰাভা কলিকতালৈ যায় আৰু ৰিপন কলেজত পদাৰ্থ বিজ্ঞান বিভাগত স্নাতক শিক্ষা আৰম্ভ কৰে৷[6] ১৯২৯ চনত স্বাধীনতা আন্দোলনৰ পৰিপ্ৰেক্ষিকত কলেজৰ ছাত্ৰবাসত পুলিচৰ নিৰ্যাতন আৰম্ভ হোৱাত ৰাভাই কোচবিহাৰৰ ভিক্টোৰীয়া কলেজ বৰ্তমানৰ আচাৰ্য ব্ৰজেন্দ্ৰ নাথ শীল কলেজত নাম লগায়[7][6] [8]। পঢ়ি থকা কালত তেখেতে ভাৰতৰ স্বাধীনতা সংগ্ৰামত নামি পৰে আৰু আৰ চি পি আই বা ভাৰতৰ বিপ্লবী সাম্যবাদী দলত যোগ দিয়ে। কোচবিহাৰতো তেখেত স্বাধীনতা আন্দোলনত যোগদান কৰে আৰু সেই অপৰাধত কলেজ কৰ্তৃপক্ষই বাধ্যতামূলক বদলিৰ নিৰ্দেশ দিয়াত ৰংপুৰ কাৰমাইকেল কলেজৰ কলা বিভাগৰ চতুৰ্থ বাৰ্ষিকত নাম ভৰ্তি কৰে[9]। ইয়াতো আৰক্ষী তেখেতৰ পাছত লগাত পঢ়া আধাতে এৰি দি ১৯৩১ চনত ঘৰলৈ ঘূৰি আহে।[9]

সংগ্ৰামী আৰু সাংস্কৃতিক জীৱন[সম্পাদনা কৰক]

বিষ্ণু ৰাভা স্মৃতি উদ্যানৰ এটা ভাষ্কৰ্য

ৰংপুৰ কলেজত পঢ়ি থকা কালতে ৰাভাই মাধৱচন্দ্ৰ বেজবৰুৱাৰ দ্বাৰা সম্পাদিত 'বাঁহী' আলোচনীৰ চিত্ৰলেখা বিভাগটো পৰিচালনা কৰিছিল আৰু 'আৱাহন' আলোচনীত প্ৰবন্ধ-পাতি লিখা-মেলা কৰিছিল।

১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিত নৃত্য পৰিচালনাত সহযোগ কৰে।[9] জ্যোতিপ্ৰসাদৰ লগ লাগি ১৯৩৫-৩৭ চনত ৰাভাই 'জয়মতী' আৰু 'শোণিত কুঁৱৰী' নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছিল। [9]

১৯৩৯ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে বাৰানসীত 'তাণ্ডৱ নৃত্য' প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰে। ইয়াতেই সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক 'কলাগুৰু' উপাধি প্ৰদান কৰে।[9]

১৯৪৫ চনৰ শেষৰ ফালে বিষ্ণু ৰাভা ভাৰতৰ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে। ১৯৪৬ চনত 'চিৰাজ' বোলছবিৰ কামত কলিকতালৈ যোৱাৰ সময়তে সেই দলৰ নেতা সৌমেন্দ্ৰনাথ ঠাকুৰক লগ পায় আৰু দলৰ সক্ৰিয় সদস্য হয়। ১৯৪৮ চনত বিপ্লৱী কমিউনিষ্ট দলক নিষিদ্ধ ঘোষণা কৰা হয়, আৰু ১৯৪৮ চনৰপৰা ১৯৫২ চনলৈ ৰাভাই আত্মগোপন কৰি থাকে। সেই সময়ৰ বিষ্ণুৰাম মেধিৰ চৰকাৰে তেখেতৰ মূৰৰ দাম দহ হেজাৰ টকা ঘোষণা কৰিছিল। ১৯৫২ চনত পূৰ্বৰ অবিভক্ত গোৱালপাৰা জিলাৰ বৰ্তমানে কোকৰাঝাৰ জিলাৰ দোতমা ৰাজহ চক্ৰৰ ঘিলাগুৰি গাঁৱত সপত্নীক গ্ৰেপ্তাৰ হয় আৰু এবছৰৰ বাবে জেললৈ যায়।[9]

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

১৯৫৫ চনত ৰাভাই ভাৰতীয় কমিউনিষ্ট দল (চি.পি.আই.)-ত যোগ দিয়ে আৰু এই দলৰ প্ৰাৰ্থীৰূপে ১৯৫৭ চনত বৰপেটা সমষ্টিৰপৰা বিধান সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে। নিৰ্বাচনত ৰাভাৰ পৰাজয় হয়। ১৯৬২ চনত ভাৰত-চীন যুদ্ধৰ সময়ত চীনাপন্থী বুলি ৰাভাক আকৌ বন্দী কৰা হয় আৰু ন মাহৰ বাবে জেললৈ পঠোৱা হয়। ১৯৬৭ চনত তেজপুৰৰপৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধান সভা নিৰ্বাচন প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰে। ১৯৬৮ চনত কোকৰাঝাৰ সমষ্টিৰপৰা লোকসভাৰ নিৰ্দলীয় প্ৰাৰ্থীৰূপে থিয় হয় যদিও পৰাজয় বৰণ কৰে।[9]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

বিষ্ণু প্ৰসাদ ৰাভাই ১৯৩৭ চনৰ ২৪ নবেম্বৰত যোৰহাটৰ সুগায়িকা প্ৰিয়বালা বৰুৱাৰ লগত বিবাহ পাশত আবদ্ধ হয়[উদ্ধৃতিৰ প্ৰয়োজন]৷ বিয়াৰ কিছুদিনৰ পিছতেই সন্নিপাত জ্বৰত আক্ৰান্ত হৈ প্ৰিয়বালা বৰুৱাৰ মৃত্যু হয়৷ তাৰপিছতেই বিষ্ণু প্ৰসাদ ৰাভা নিৰুপমা দেৱীৰ সান্নিধ্যলৈ আহে৷ অৱশ্যে নিৰুপমা দেৱীৰ লগত বিষ্ণু ৰাভাই আনুষ্ঠানিকভাৱে বিবাহত বহা নাছিল৷ ১৯৫১ চনত বিষ্ণু ৰাভাই নলবাৰীৰ বেলশৰৰ নবীনচন্দ্ৰ মেধিৰ কন্যা কনকলতা মেধিক বিবাহ কৰায়৷ কনকলতা মেধিৰ ফালৰ পৰা বিষ্ণু ৰাভা দুটি পুত্ৰ সন্তান পৃথ্বীৰাজ ৰাভা (থুন্ থুন্) আৰু হেমৰাজ ৰাভা (মুন্ মুন্)ৰ পিতৃ হয়। ১৯৬২ চনত কনকলতা মেধিৰ মৃত্যুৰ পিছত বিষ্ণু ৰাভাই বৰ্তমানৰ কোকৰাঝাৰ জিলাৰ গোসাঁইগাওঁ অঞ্চলৰ বিন্নাখাতা ভাওৰাগুৰী গাঁৱৰ মোহিনীবালা বসুমতাৰীক বিয়া কৰাই৷ মোহিনীবালা বসুমতাৰীৰ ফালৰ পৰা বিষ্ণু ৰাভা দুটি সন্তানৰ পিতৃ হয় ৷ এই দুটি সন্তানৰ এগৰাকী আছিল কন্যা সন্তান যি জন্ম হৈয়েই মৃত্যুমুখত পৰে৷ পুত্ৰ সন্তানটিৰ নাম আছিল মেণ্ডেলা ৰাভা।

মৃত্যু[সম্পাদনা কৰক]

১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি ২-২৫ বজাত তেজপুৰত কলাগুৰুদেৱে মৃত্যুক সাৱতি লয়৷ পাকস্থলীত হোৱা কৰ্কট ৰোগত ভুগি তেখেতৰ মৃত্যু হয়।[10]

সাহিত্য পঞ্জী[সম্পাদনা কৰক]

বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত, কবিতা ৰচনা কৰাৰ লগতে গল্প, উপন্যাস আৰু অসমীয়া সমাজ-সংস্কৃতি বিষয়ক প্ৰবন্ধ পুথি ৰচনা কৰিছিল। তেওঁ ’বৃহত্তৰ অসমৰ পৰিকল্পনা’ নামৰ এলানি প্ৰবন্ধ ১৯৩০ চনৰ পৰা একেলেঠাৰিয়ে ’বাঁহী’ত প্ৰকাশ পাইছিল৷[6] তেওঁৰ উল্লেখনীয় প্ৰকাশিত পুথিসমূহ হ'ল:

উপন্যাস

  • সোণপাহি
  • মিচিং কনেং [9]
  • জীৱন লালসা

নাটক

  • গেঙনি ৰেঙনি (নাটক)

প্ৰবন্ধ

  • অসমীয়া কৃষ্টিৰ চমু আভাস
  • অতীত অসম
  • মুক্তি দেউল
  • ন পৃথিৱীৰ নতুন যুগ
  • বড়ো জাতিৰ ইতিহাস
  • ৰাভা জাতিৰ ইতিবৃত্ত
  • বোঁৱতী সুতি
  • অসমীয়া কৃষ্টি
  • জনজাতীয় সংস্কৃতিত শিৱ
  • আলিয়াই-লিগাং
  • দিমাছা কছাৰীৰ বুৰঞ্জী
  • বানে কেবাং

গল্পসমূহ

  • মামীৰ হাৰ[4]
  • কুৰি বছৰ জেইল[4]
  • জাল কেছ[4]
  • হিয়াৰ পুং[4]
  • জাল কেছ[4]
  • হিয়াৰ পুং[4]
  • ফুংকা (বড়ো ভাষাত ৰচিত)[11]

বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিস্থল, বিষ্ণু ৰাভা স্মৃতি উদ্যান, তেজপুৰ

সংগীত, কথাছবি, নাটক, চিত্ৰকলা[সম্পাদনা কৰক]

বিষ্ণুপ্ৰসাদ ৰাভা সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত আছিল। সংগীত, নৃত্য, চিত্ৰকলা, আৰু অভিনয়ৰ উপৰি সংগীত পৰিচালক হিচাপে আৰু কথাছবি পৰিচালক হিচাপেও কাম কৰি গৈছে।

সংগীত আৰু নৃত্য[সম্পাদনা কৰক]

ৰাভাই বহুতো কালজয়ী গীত (পৰজনমৰ শুভলগনত, লগন উকলি গ'ল, টিলাই টিলাই ইত্যাদি) ৰচনা কৰি থৈ গৈছে। তেখেতৰ ৰচিত আৰু সুৰাৰোপিত গানৰ বিশেষত্বৰ বাবে তেখেতে লেখা গীতবোৰ ৰাভা-সঙ্গীত হিচাবে পৰিচিত।[5]

নাটক[সম্পাদনা কৰক]

তেজপুৰৰ বাণ ৰংগমঞ্চত নিয়মীয়াকৈ অভিনয় কৰা ৰাভাই পাছলৈ যাত্ৰা-পাৰ্টিৰ লগত নাটকত অভিনয় কৰাৰ উপৰিও কেবাখনো অসমীয়া ছবিত অভিনয় কৰিছিল।[5] প্ৰথম অসমীয়া কথাছবি "জয়মতী" নিৰ্মাণত তেখেতে জ্যোতিপ্ৰসাদ আগৰৱালাক নৃত্য পৰিচালনাৰ লগতে আন কেবাটাও বিষয়ত সহায় কৰিছিল। তেখেতৰ অভিনীত বোলছবি এৰা বাটৰ সুৰ, প্ৰতিধ্বনি, ছিৰাজ।[5] ফণী শৰ্মাৰ সৈতে যুটীয়া ভাৱে পৰিচালনা কৰিছিল তেতিয়ালৈ আটাইতকৈ সফল বোলছবি ছিৰাজ।[10]

চিত্ৰকলা[সম্পাদনা কৰক]

বিষ্ণু ৰাভা এগৰাকী নিপুন চিত্ৰকৰ আছিল৷ তেওঁ বৰপেটাৰ শ্ৰীমন্ত শংকৰদেৱৰ আৰু শংকৰ-মাধৱৰ যুগল ছবি আঁকি তিনিটা ৰঙত ছপাই ৰাইজৰ মাজত বিতৰণ কৰিছিল৷ সেইসময়ৰ ’বাঁহী’, ’আমাৰ প্ৰতিনিধি’ আদি আলোচনীৰ বেটুপাতো তেওঁ অংকণ কৰিছিল৷[12]

সন্মান[সম্পাদনা কৰক]

বিষ্ণু ৰাভাৰ নামত উন্মোচন কৰা ডাকটিকট

বিষ্ণু ৰাভাৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ২০ জুন তাৰিখটো "বিষ্ণু ৰাভা দিৱস" ৰূপে পালন কৰা হয়। তেখেতৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ৩১.০১.২০০৯ তাৰিখে ভাৰত চৰকাৰে এটি বিশেষ ডাকটিকট উন্মোচন কৰে।[13] তেখেতৰ স্মৃতিত সাংবাদিক তিলক দাসে "বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি (গ্ৰন্থ)" আৰু "বিষ্ণু ৰাভা পুনৰ আহিব উভতি" শীৰ্ষক দুখন জীৱনীও লিখি উলিয়াইছিল ৷

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা[সম্পাদনা কৰক]

বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত অসম চৰকাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা স্থাপন কৰে। অসমৰ সংস্কৃতি আৰু কৃষ্টিৰ জগতলৈ বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিক এই বঁটাৰে সন্মানীত কৰা হয়।[14][15]

স্মৃতি উদ্যান[সম্পাদনা কৰক]

বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি উদ্যান তেজপুৰৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ ভৈৰৱী মন্দিৰৰ কাষতে অৱস্থিত। বিষ্ণু ৰাভাৰ সোঁৱাৰণত স্থাপিত এই উদ্যানৰ কাম-কাজ আৰম্ভ কৰে বিষ্ণু ৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাই। পাছলৈ অসম চৰকাৰে এই উদ্যানৰ দায়িত্ব লয়। উদ্যানৰ দেৱালত ৰাভাৰ বিভিন্ন কৰ্মৰাজী খোদিত কৰা আছে। এই উদ্যানৰ ভিতৰতে ৰাভাৰ সমাধি অৱস্থিত।[16]

বিষ্ণুপ্ৰসাদ ৰাভাৰ সংক্ষীপ্ত জীৱনপঞ্জী[সম্পাদনা কৰক]

জন্ম : ১৯০৯ জানুৱাৰী মাহৰ ৩১ তাৰিখে অবিভক্ত ভাৰতৰ ঢাকা চহৰত ৷ পিতৃ: গােপালচন্দ্ৰ ৰাভা মাতৃঃ গেথীবাই ৰাভা৷ ১৯১৬ : ঔপনিৱেশিক শাসকৰ অধীনত আৰক্ষীৰ চাকৰি কৰি পাঁচ বছৰ আগতে অৱসৰ গ্ৰহণ কৰা পিতৃৰ মৃত্যু৷ ১৯২৬ : তেজপুৰ চৰকাৰী হাইস্কুলৰপৰা প্রথম বিভাগত প্রৱেশিকা উত্তীর্ণ৷ ১৯২৮ : কলিকতাৰ ছেইণ্ট পল কলেজৰপৰা প্রথম বিভাগত আই.এছচি পৰীক্ষাত উত্তীৰ্ণ হৈ পদার্থবিজ্ঞানত অনাৰ্ছ লৈ ৰিপন কলেজৰ স্নাতক শ্রেণীত নামভর্তি৷ ১৯২৯ : ৰিপন কলেজৰ ছাত্ৰ সভাৰ সাধাৰণ সম্পাদক নির্বাচিত৷ ১৯৩০ : মহাত্মা গান্ধীৰ নেতৃত্বাধীন আইন অমান্য আন্দোলনত অংশগ্রহণ৷ পুলিচী হাৰাশাস্তিৰপৰা বাচিবলৈ কলিকতা পৰিত্যাগ আৰু কোচবিহাৰৰ ভিক্টোৰিয়া কলেজৰ কলা শাখাত নাম ভর্তি৷ আন্দোলনত অংশ লােৱাৰ বাবে পুলিচী হাৰাশাস্তি অব্যাহত৷ কোচবিহাৰ এৰি পূৰ্ববংগৰ কাৰমাইকেল কলেজত নামভর্তি৷ ১৯৩১ : ব্রিটিছ বিৰােধী কূটঘাতমূলক কামত জড়িত হােৱাৰ অভিযােগত জাৰীকৰা গ্রেপ্তাৰী পৰােৱানাৰপৰা হাত সাৰিবলৈ কলেজীয়া শিক্ষা সিমানতে সামৰি পুনৰ কলিকতালৈ প্রত্যাগমন৷ মাধৱ বেজবৰুৱা সম্পাদিত বাঁহী আলােচনীৰ চিত্ৰলেখা’ শিতান সম্পাদনা৷ ১৯৩৪ : জ্যোতিপ্ৰসাদ আগৰৱালাই নির্মাণ কৰিবলৈ লােৱা জয়মতী চলচ্চিত্ৰৰ কামত আৰু শােণিত কুঁৱৰী নাট ৰেকর্ডিঙৰ ক্ষেত্ৰত বিশেষ সহযােগিতা৷ ১৯৩৫ : যােৰহাটৰ প্ৰিয়লতা দত্তৰ সৈতে বিবাহ৷ বিয়াৰ ছমাহ নৌহওঁতেই প্রিয়লতাৰ মৃত্যু। পত্নীৰ স্মৃতিত পৰজনমৰ শুভ লগনত’শীর্ষক বিখ্যাত গীতটি ৰচনা৷ ১৯৪৩ : ব্রিটিছ চৰকাৰে নিষিদ্ধ ঘােষণা কৰা ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পার্টী’(RCPI)ৰ সান্নিধ্যত কৃষক জাগৰণৰ কামত ব্যস্ত৷ ১৯৪৫ : ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পার্টীৰ সদস্যপদ লাভ কৰি পাৰ্টীৰ কামত আত্মগােপন৷ ১৯৫২ : আত্মগােপনৰ সময়তে প্ৰেমত পৰি বিবাহ কৰােৱা নলবাৰীৰ কনকলতা মেধিৰ সৈতে গােৱালপাৰাৰ ঘিলাগুৰিত পুলিচৰ হাতত গ্রেপ্তাৰ৷ ১৯৫৪ : জেলৰপৰা মুক্তি৷ ১৯৫৫ : পাটীৰ গৰিষ্ঠসংখ্যক সদস্যৰ সিদ্ধান্ত অনুসৰি আন সকলৰ সৈতে ভাৰতীয়৷ কমিউনিষ্ট পার্টী(CPI)ত যােগদান৷ ১৯৫৭ : ভাৰতৰ দ্বিতীয় সাধাৰণ নিৰ্বাচনত কোকৰাঝাৰ সংসদীয় সমষ্টিৰপৰা চি.পি.আইৰ প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰি পৰাজিত৷ ১৯৬২: দুটি কণমানি পুত্র সন্তানক এৰি থৈ দ্বিতীয় পত্নী কনকলতাৰ মৃত্যু। চীন-ভাৰত যুদ্ধত চীনৰ পক্ষ লােৱাৰ অভিযােগত কমিউনিষ্ট পার্টীৰ আন বহু সদস্যৰ সৈতে ভাৰত চৰকাৰৰদ্বাৰা গ্রেপ্তাৰ হৈ উৰিষ্যাৰ বৰহমপুৰ জেলত কাৰাবাস৷ ১৯৬৩ : জেলৰপৰা মুক্তি লাভ৷ মােহিনীবালাৰ সৈতে বিবাহ৷ ১৯৬৭ : তেজপুৰ বিধানসভা সমষ্টিৰপৰা দলৰ অনুমতি সাপেক্ষে নির্দলীয় প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰি বিজয়ী৷ ১৯৬৮ : কৰ্কট ৰােগত আক্ৰান্ত হৈ চিকিৎসাধীন৷ ১৯৬৯ : ৰোগশয্যাৰপৰাই জীৱনৰ অন্তিম সৃষ্টি ‘এয়ে মােৰ শেষ গান’শীর্ষক বিখ্যাত গীতটি ৰচনা৷ জুন মাহৰ ২০ তাৰিখে তেজপুৰৰ বাসভৱনত মৃত্যু৷

প্ৰকাশিত সাহিত্যকর্ম[সম্পাদনা কৰক]

সােণপাহি (গল্প-সংকলন) মিচিং কনেং(উপন্যাস) অসমীয়া কৃষ্টি (বক্তৃতা) অসমীয়া কৃষ্টিৰ চমু আভাস (বক্তৃতা); বিষ্ণুৰাভা ৰচনাৱলী (বিষ্ণুৰাভা সোঁৱৰণী গৱেষণা সমিতিৰ সম্পাদনাত ১৯৮২ চনত মৰণােত্তৰভাৱে প্রকাশিত) বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচনাসম্ভাৰ (ৰাভা ৰচনাৱলী প্রকাশন সংঘ’ৰ হৈ ডাঃ সর্বেশ্বৰ বৰাৰ উদ্যোগত আৰু যােগেশ দাসৰ সম্পাদনাত মৰণােত্তৰভাৱে দুটা খণ্ডত, ক্রমে ১৯৮৯ আৰু ১৯৯৭চনত প্রকাশিত)

চলচ্চিত্র : চিৰাজ (ফণী শৰ্মাৰ লগত যুটীয়াভাৱে পৰিচালনা, ১৯৪৮)

গ্রামােফোনত বাণীবদ্ধ নাটৰ পৰিচালনা : বেউলা, নৰকাসুৰ, বিহুৱতী, শঙ্কৰদেৱ, মাধৱদেৱ, অজগৰৰ বিয়া, চেনাই-চেনেহী, বৰদৈচিলা আদি

নৃত্য পৰিচালনা : জয়মতী আৰু মনােমতী

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 NN Acharya, Glories of Assam, Bina Library, Gauhati
  2. 2.0 2.1 Babul Tamuli (February 2008). "Bishnu Rabha – A Revolutionary Artiste". bipuljyoti.in. http://www.bipuljyoti.in/authors/bishnurabha/bishnurabha02.html। আহৰণ কৰা হৈছে: February 01, 2013. 
  3. Bishnu Prasad Rabha:A Neglected Genius,By Sanjib Kr Borkakoti আহৰণ ১৫.০৯.২০১১
  4. 4.0 4.1 4.2 4.3 4.4 4.5 4.6 গ্ৰন্থ: বিষ্ণুক জানো আহা লিখক: নুৰুল শইকীয়া, প্ৰবক্তা, অসমীয়া বিভাগ, কটন মহাবিদ্যালয়
  5. 5.0 5.1 5.2 5.3 "About Kalaguru Bishnuprasad Rabha". www.assaminfo.com. http://www.assaminfo.com/famous-people/45/kalaguru-bishnu-prasad-rabha.htm। আহৰণ কৰা হৈছে: February 01, 2013. 
  6. 6.0 6.1 6.2 6.3 6.4 ’বিষ্ণু ৰাভাৰ সংগ্ৰামী আভা’ (১৯৮২)- দেবেন্দ্ৰ নাথ বৰা, প্ৰকাশক বাণীমন্দিৰ, ডিব্ৰুগড়
  7. Bishnu Rabha:A Friend of the Toiling Masses,By Sumanta Rajbanshi আহৰণ ১৫.০৯.২০১১
  8. অনলাইন শিৱসাগৰ ডট কম
  9. 9.0 9.1 9.2 9.3 9.4 9.5 9.6 9.7 শিৱনাথ বৰ্মন, অসমীয়া জীৱনী অভিধান, ছ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা:লি:, ১৯৯২, পৃষ্ঠা-৪০
  10. 10.0 10.1 http://onlinesivasagar.com/music/bishnu-rabha.html আ্ৰণ কৰা তাৰিখ: ২০-০৬-২০১২
  11. সৈনিক শিল্পী বিষ্ণুৰাভা : পৰমানন্দ মজুমদাৰ,পৃষ্ঠা: ১৮২
  12. ’বিষ্ণু ৰাভাৰ সংগ্ৰামী আভা’ (১৯৮২)- দেবেন্দ্ৰ নাথ বৰা, প্ৰকাশক বাণীমন্দিৰ, ডিব্ৰুগড়
  13. "Indian Stamp – Bishnu Prasad Rabha – By India Post | India Stamps". Indian Stamp Ghar. 2009-01-31. http://www.indianstampghar.com/2009/01/indian-stamp-bishnu-prasad-rabha-by-india-post/। আহৰণ কৰা হৈছে: 2013-01-31. 
  14. "Rich tributes paid to Bishnu Rabha". Assam Tribune Website. The Assam Tribune (newspaper). 2007. http://www.assamtribune.com/scripts/details.asp?id=jun2107/at03। আহৰণ কৰা হৈছে: 2007-06-22. 
  15. "Bishnu Rabha Award Recipients". Amtron Website. Badruddin Ajmal. 2007. http://amtron.in/assamgov/grawards/vrawards.html। আহৰণ কৰা হৈছে: 2007-06-22. 
  16. http://www.tezpuronline.in/place_to_view.html আহৰণ কৰা তাৰিখ: ২০-০৬-২০১২

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  • বিষ্ণু ৰাভাই কন্ঠদান কৰা "তেজৰে কমালাপতি" বৰগীত শুনক ইউটিউবত
  • বিষ্ণু ৰাভাৰ চমু জীৱন বৃতান্ত চাওক ইউটিউবত
  • http://bouddhikbichar.com/category/%e0%a6%ac%e0%a6%bf%e0%a6%b7%e0%a7%8d%e0%a6%a3%e0%a7%81-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%b8%e0%a6%be%e0%a6%a6-%e0%a7%b0%e0%a6%be%e0%a6%ad%e0%a6%be-%e0%a6%ac%e0%a6%bf%e0%a6%b6%e0%a7%87%e0%a6%b7/


Popular posts from this blog

Coll del Lys (% Pa% 2deri lII

NG gemeente Greykerkda

पारमेनीडेस,hK9AaiUu,tgup 1 TreO Uu Ltomh ua12jnn